কথন গত দক্ষতা ।। Assamese Major 1st sem paper 1014 chapter 1


কথন গত দক্ষতা




অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ:



১। কথন কি ?

উত্তৰ: মানুহে জন্মৰ পৰা মৃত্যুলৈ কথনৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি আহিছে । কথন এক স্বাভাৱিক প্ৰক্ৰিয়া । ই একপ্ৰকাৰ বাচিক শিল্প বুলি ক'ব পাৰি।


২ । কথনৰ মূল উপাদান কি ?

উত্তৰ: শব্দ ।।


৩ । প্ৰচীন কালত ঋষি-মুনিসকলে শব্দক কি বুলি কৈছিল ?

উত্তৰ: শব্দব্ৰহ্ম ।।


৪ । দক্ষতা কি ?

উত্তৰ: দক্ষতা হ'ল কোনো এটা ভাষা কওঁতাসকলৰ বিমূৰ্ত আৰু সূক্ষ্ম দৃষ্টিসম্পন্ন জ্ঞান, যি জ্ঞানৰ দ্বাৰা তেওঁলোকে ভাষা শুদ্ধকৈ ব্যৱহাৰ কৰে ।


৫ । কথন দক্ষতাৰ ক্ষেত্ৰত থকা কিছুমান মৌলিক বিষয়ৰ জ্ঞান আছে । তেনে কিছু জ্ঞানৰ নাম লিখা

উত্তৰ: বিষয়বোৰ হৈছে--- 


            (ক) শব্দজ্ঞান

            (খ) শব্দ প্ৰয়োগৰ কৌশল

            (গ) ভাষা জ্ঞান

            (ঘ) যতি জ্ঞান

            (ঙ) কথনগত অভ্যাস

            (চ) প্ৰকাশভংগীৰ সৰলতা

            (ছ) শুদ্ধ উচ্চাৰণ ।


৬ । কথনৰ মহত্ত্ব কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰ: কথা কোৱা ধৰণৰ ওপৰত ।


৭ । ৰজা উপাধি কোনে আৰু কেনেকৈ পাইছিল ?

উত্তৰ: কথনৰ কৌশল বা দক্ষতা জনা বাবেই বীৰবলে আকবৰৰ ৰাজসভাৰ পৰা 'ৰজা' উপাধি পাইছিল ।


৮ । কালিদাসে কি গুণৰ বাবে 'নৱৰত্নৰ' ভিতৰত শ্ৰেষ্ঠ আসন পাইছিল ?

উত্তৰ: কালিদাসে বিক্ৰমাদিত্যৰ ৰাজসভাত কোৱা কথাখিনি সুন্দৰকৈ বাকভংগীৰে কোৱাৰ গুণতেই 'নৱৰত্নৰ' ভিতৰত শ্ৰেষ্ঠ আসন পাইছিল ।


৯ । কথন দক্ষতাৰ অভ্যাস কৰিবলৈ কি শিকিব লাগিব ?

উত্তৰ: কথা আৰু ইয়াৰ কোৱাশৈলী শিকিব লাগিব ।


১০ । বক্তাৰ কথনৰীতি কেনে হোৱা উচিত ?

উত্তৰ: বক্তাৰ কথনৰীতি এনে হোৱা উচিত, যাতে কোনো শ্ৰোতাই কথাখিনি শুনি অভিভূত হয় ।



১১ । কথনৰীতিত মুগ্ধ হৈ শংকৰদেৱৰ ওচৰত মাধৱদেৱে কি গ্ৰহণ কৰিছিল ?

উত্তৰ: শিষ্যত্ব ।


১২ । অসমৰ জনগণ কিহৰ ওপৰত মোহিত হৈ পৰিছিল ?

উত্তৰ: অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সাধকসকলৰ কথন ৰীতিত ।


১৩ । কথন প্ৰক্ৰিয়াত কথাৰ স্বাভাৱিক সৌন্দৰ্য বজাই ৰাখিবলৈ হ'লে কি কৰিব লাগে ?

উত্তৰঃ কথন প্ৰক্ৰিয়াত কথাৰ স্বাভাৱিক সৌন্দৰ্য বজাই ৰাখিবলৈ হ'লে সৎ কথাৰেই উদাহৰণ দিয়া উচিত, নহ'লে অপ্ৰাংগিক কথাই স্বাভাৱিক কথাৰ সৌন্দৰ্য ব্যাহত কৰিব । 


১৪ । শিক্ষক বা অভিভাৱকৰ নৈতিক দায়িত্ব কি ?

উত্তৰ: বয়সত ডাঙৰ বা সৰুজনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে ঠিক তেনে কথা শিক্ষক বা অভিভাৱকসকলে সময়ত শিকোৱাটো নৈতিক দায়িত্ব ।


১৫ । মানুহৰ মন কেনেকৈ মুগ্ধ কৰি তুলিব পাৰি ?

উত্তৰঃ জনা-নজনা কথা সজাই-পৰাই বা অলংকাৰপূৰ্ণ কৰি ক'লে সকলো মানুহৰ মন মুগ্ধ কৰি তুলিব পাৰে ।


১৬ । কেতিয়াবা ৰসযুক্ত বা কৌতূহলপূৰ্ণ কথা শুনি আমনি লগাৰ কাৰণ কি ?

উত্তৰঃ মাধুৰ্যতাৰে ক'ব নাজানিলে ৰসযুক্ত বা কৌতূহলপূৰ্ণ কথা শুনি আমনি লাগে ।


১৭ । ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বৃদ্ধি কেনেকৈ পায় ?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত পাঠদান কৰোতে বা ছাত্ৰ-ছাত্ৰীৰ লগত শিক্ষকসকলে কথা-বতৰা পাতোতে বৰ্ণমালা, শব্দ, বাক্য শুদ্ধ উচ্চাৰণ কৰাৰ লগতে মান্য ভাষা ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বৃদ্ধি পায় । 



১৮ । কথন কি ?

উত্তৰঃ কথন একপ্ৰকাৰৰ বিদ্যা ।


১৯ । ভাষা প্ৰয়োগৰ কৌশল উৎপন্ন কেনেকৈ হয় ?

উত্তৰঃ কথন বিদ্যা শুদ্ধ আৰু শ্ৰতিমধুৰকৈ শিকিলে ভাষা প্ৰয়োগৰ কৌশল উৎপন্ন হয় ।


২০ । কথন বিদ্যাই ছাত্ৰ-ছাত্ৰীসকলক কিহৰ প্ৰতি আগ্ৰহী কৰি তোলে ?

উত্তৰঃ কথন বিষয়ৰ ভাব তথা ভাষাৰ সংযমৰ বিষয়ে আগ্ৰহী কৰি তোলে ।



২১ । ভাষা কি ?

উত্তৰ: ভাষা হ'ল মানুহৰ মনৰ ভাব বিনিময়ৰ উৎকৃষ্ট মাধ্যম । ভাষা মানুহৰ অন্যতম আপুৰুগীয়া সম্পদ ।


২২ । মানুহ কি প্ৰাণী ?

উত্তৰ: মানুহ সামাজিক তথা বিচাৰ-বুদ্ধিসম্পন্ন প্ৰাণী । মানুহ কথা কোৱা প্ৰাণী ।



২৩ । জীৱ-জন্তুবোৰক ভাষাৰ শ্ৰেণীত কিয় অন্তৰ্ভুক্ত কৰিব নোৱাৰি ?

উত্তৰ: জীৱ-জন্তুৰ মাজত মাত বা চিঞৰত কোনো নতুনত্ব নাই । একেধৰণে মাত মাতি আহিছে । তাতোকৈ ডাঙৰ কথা হৈছে সিহঁতৰ বিচাৰ-বিবেচনা, চিন্তা-ভাবশক্তি, চেতনা নাই কাৰণে সেইবোৰক ভাষাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব নোৱাৰি । 


২৪ । ভাষা শ্বটো কিহৰ পৰা আহিছে ? ইয়াৰ অৰ্থ কি ?

উত্তৰ: সংস্কৃত 'ভাষ ধাতুৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ'ল ব্যক্তবাণী ।



Related Topic: ASSAMESE MAJOR PAPER-1016 MODEL ANSWER 



২৫ । ভাষা কিহৰ ক্ষেত্ৰত প্ৰযোজ্য ?

উত্তৰ: শব্দ প্ৰয়োগৰ ক্ষেত্ৰত ।



২৬ । ভাষাৰ দুটা প্ৰধান ফালৰ কি ?

উত্তৰ: ধনন আৰু শ্ৰৱণ ।


২৭ । ছাপিৰৰ মতে ভাষা কি ?

উত্তৰ: স্বয়ংসিদ্ধ প্ৰকাশৰ সামূহিক কলা, হেজাৰজনৰ ব্যক্তিগত জ্ঞানৰ সংক্ষিপ্ত বৰ্ণনা ।' কোনো জনসমষ্টিয়ে প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনি প্ৰতীকৰ দ্বাৰ পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱনত কাৰ্য চলোৱা প্ৰথাৰ নামেই ভাষা ।


২৮ । ভাষাৰ প্ৰণালীটো কি ?

উত্তৰ: প্ৰতীকৰ প্ৰণালী ।


২৯ । প্ৰতীক মানে কি ?

উত্তৰ: ধ্বনি ।


৩০ । ভাষা জ্ঞানক কি কলা হিচাপে অভিহিত কৰা হৈছে ?

উত্তৰ: মানুহৰ এক মহত্বম কলা হিচাপে অভিহিত কৰা হৈছে ।


৩১ । ভাষা কিহৰ সমাহাৰ ?

উত্তৰঃ জ্ঞানৰ ।


৩২ । ভাষা কিহৰ মাধ্যম ?

উত্তৰঃ ভাৱ বিনিময়ৰ মাধ্যম ।


৩২ । ভাষা কিহৰ মাধ্যম ?

উত্তৰঃ ভাৱ বিনিময়ৰ মাধ্যম ।



৩৩ । ভাষাৰ পদ্ধতি কি ?

উত্তৰঃ বুদ্ধিগ্ৰাহ্য ।


৩৪ । ভাষাৰ প্ৰকৃতি কি ?

উত্তৰঃ প্ৰণালীগত ।



৩৫ । ভাষাৰ আধাৰ কি ?

উত্তৰঃ ধ্বনি প্ৰতীক ।



Also Read: Loading...


৩৬ । ভাষাক কি বুলি কোৱা হয় ?

উত্তৰঃ সামাজিক আৰু ব্যক্তিগত পৰিঘটনা বুলি কোৱা হয় ।


৩৭ । ভাষা জ্ঞানত তাৎপৰ্যপূৰ্ণ দিশটো কি ?

উত্তৰঃ বোধগম্যতা ।


৩৮ । ভাষা এটাৰ মূলবস্তু কি ?

উত্তৰঃ প্ৰকাশভংগী ।


৩৯ । ভাষা জ্ঞান লাভ বা প্ৰদানৰ ক্ষেত্ৰত কেইটা কৌশল প্ৰয়োগ কৰা হয় আৰু কি কি ?

উত্তৰঃ চাৰিটা কৌশল প্ৰয়োগ কৰা হয় । যেনেঃ শ্ৰৱণ, কথন, পঠন আৰু লিখন ।


৪০ । ভাষা শিক্ষণত কিহৰ গুৰুত্ব বেছি ?

উত্তৰঃ পঠনৰ ।


৪১ । কিহৰ অবিহনে অনুভৱৰ জন্ম নহয় ?

উত্তৰঃ অভিজ্ঞতা বা জ্ঞানৰ অবিহনে ।


৪২ । অভিজ্ঞ নহ'লে কি উপলব্ধি কৰিব নোৱাৰি ?

উত্তৰঃ আমাৰ ভাষাজ্ঞানৰ অৰ্থ উপলব্ধি কৰিব নোৱাৰি ।


৪৩ । মানৱ অভিব্যক্তি কাক বোলে ?

উত্তৰ: ভাষা অবিহনে কোনো প্ৰচেষ্টাযোগ্য চিন্তাধআৰা সম্ভৱ হৈ নুঠে । ভাৱ, চিন্তা আদি নাথাকিলে ভাষা প্ৰকাশ নহয় । ইয়াক মানৱ অভিব্যক্তি বুলি কোৱা হয় ।



৪৪ । ভাষাজ্ঞান কাক বোলে ?

উত্তৰ: ভাষাৰ অবিহনে ভাৱ প্ৰকাশ সম্ভৱপৰ নহয় ভাষা যদি প্ৰকাশ কৰিবলৈ বিচৰা হয় । তেতিয়াহ'লে ভাষাটোৰ জ্ঞান আহৰণ কৰিব লাগিব । ইয়াকে মুঠতে ভাষাজ্ঞান বুলি কোৱা হয় ।


৪৫ । ভাষাৰ ক্ষুদ্ৰতম একক কি ?

উত্তৰ: ধ্বনি ।






আমাৰ Edu Materials বা বিজ্ঞাপন কোনো ব্যক্তিগত প্ৰতিস্থান বা চৰকাৰী ভাবে প্ৰকাশিত নহয়। সঠিক তথ্য অনুসৰি প্ৰকাশিত ব্যৱহাৰ সুলভ ভাবে প্ৰচাৰিত কৰা হৈছে। আপোনাৰ কোনো ধৰণৰ Query বা অভিযোগ উপস্থাপন কৰিবলৈ আমাৰ editor ৰ লগত যোগাযোগ কৰিব পাৰে অথবা Contact Us ত দাখিল কৰক।{alertInfo}

Previous Post Next Post

Ads

Photo Ads