আৰম্ভণি কালৰ অসমীয়া সাহিত্য | Assamese Major Paper 1016 Chapter 2

Gauhati University BA 1st Sem Assamese  Questions Answer Chapter 2





1। শূণ্য পুৰাণৰ ৰচক কোন?

উত্তৰঃ শূণ্য পুৰাণৰ ৰচক হল ৰামাই পণ্ডিত।


2। শ্ৰীকৃষ্ণকীৰ্ত্তন পুথিৰ প্ৰথম সম্পাদক কোন?

উত্তৰঃ শ্ৰীকৃষ্ণকীৰ্ত্তন পুথিৰ প্ৰথম সম্পাদক কৰিছিল বসন্তৰঞ্জন ৰায় বিদ্ব ৎ বল্লভে।


3।শূণ্য-পুৰাণ কোনে ৰচনা কৰিছিল?

উত্তৰঃ শূণ্য-পুৰাণ ৰামাই পণ্ডিতে ৰচনা কৰিছিল।


5।ডাকৰ বচন কি?

উত্তৰঃ যিবোৰ উপদেশে সমাজত কেনেকৈ চলিব লাগে সকীয়াই দিয়ে, সেই বিলাকে হৈছে ডাকৰ বচন।


6। অসমীয়া ভাষাৰ লিখিত ৰুপৰ নিৰ্দশন কত পোৱা যায়?

উত্তৰঃ অসমীয়া ভাষাৰ লিখিত ৰুপৰ নিৰ্দশন চৰ্যাপদ সমূহত পোৱা যায়।


7। শূণ্য-পুৰাণ কিহৰ মাহাত্ম্যক সূচক?

উত্তৰঃ শূণ্য-পুৰাণ ধৰ্মদেৱতা মাহাত্ম্যক সূচক।


8। ডাকাৰ্ণৱ নামৰ গ্ৰন্থখনৰ অৰ্থ কি?

উত্তৰঃ ডাকাৰ্ণৱ নামৰ গ্ৰন্থখনৰ অৰ্থ হৈছে ব্ৰজায়ণ।


9। হৰপ্ৰসাদ শাস্ত্ৰীয়ে চৰ্যাৰ ভাষাক কি বুলি কৈছে?

উত্তৰঃ হৰপ্ৰসাদ শাস্ত্ৰীয়ে চৰ্যাৰ ভাষাক সান্ধ্যভাষা বুলি কৈছে।


10। চৰ্যাগীতবোৰ কি ছন্দত ৰচিত?

উত্তৰঃ চৰ্যাগীতবোৰ মাত্ৰাবৃত্ত ছন্দত ৰচিত।



Related Topic: Text with Link


11। চৰ্যাপদসমূহ নেপালৰ ৰাজদৰবাৰৰ পৰা কোনে কেতিয়া সংগ্ৰহ কৰিছিল?

উত্তৰঃ চৰ্যাপদসমূহ নেপালৰ ৰাজদৰবাৰৰ পৰা হৰপ্ৰসাদ শাস্ত্ৰীয়ে ১৯০৭ চনত সংগ্ৰহ কৰিছিল।


১2। বৌদ্ধধৰ্ম ভাগ দুটা কি কি?

উত্তৰঃ বৌদ্ধধৰ্ম ভাগ দুটা হল মহাযানী আৰু তান্ত্ৰিক।


১3। শ্ৰীকৃষ্ণকীৰ্ত্তনত কিমানটা খণ্ড আছে ?

উত্তৰঃ শ্ৰীকৃষ্ণকীৰ্ত্তনত ১২টা খণ্ড আছে।


14। চৰ্যাপদসমূহত কি ভাৱ প্ৰকাশ পাইছে?

উত্তৰঃ চৰ্যাপদসমূহ আধ্যাত্মিক ভাৱ প্ৰকাশ পাইছে।


15। চৰ্য্যাচৰ্য্য-বিনিশ্চয় পুথিখনৰ হৰপ্ৰসাদ শাস্ত্ৰীদেৱে দিয়া নামটো কি?

উত্তৰঃ চৰ্য্যাচৰ্য্য-বিনিশ্চয় পুথিখনৰ হৰপ্ৰসাদ শাস্ত্ৰীদেৱে দিয়া নামটো হৈছে চৰ্যাগীতিকোষ।


16। হৰপ্ৰসাদ শাস্ত্ৰীদেৱে উদ্ধাৰ কৰি অনা চৰ্যাপদৰ পুথিখনত কিমানটা সম্পূৰ্ণ গান আছে ?

উত্তৰঃ হৰপ্ৰসাদ শাস্ত্ৰীদেৱে উদ্ধাৰ কৰি অনা চৰ্যাপদৰ পুথিখনত ৪৬টা সম্পূৰ্ণ গান আছে।


17। হৰপ্ৰসাদ শাস্ত্ৰীদেৱে উদ্ধাৰ কৰি অনা বৌদ্ধগানসমূহ কেইজন সিদ্ধাচাৰ্য দ্বাৰা ৰচিত?

উত্তৰঃ হৰপ্ৰসাদ শাস্ত্ৰীদেৱে উদ্ধাৰ কৰি অনা বৌদ্ধগানসমূহ ২৪ জন সিদ্ধাচাৰ্য দ্বাৰা ৰচিত।


18। চৰ্যাপদ ৰচনা কৰা কামৰুপৰ চাৰিজন প্ৰসিদ্ধ চৰ্যাকাৰৰ নাম লিখা?

উত্তৰঃ চৰ্যাপদ ৰচনা কৰা কামৰুপৰ চাৰিজন প্ৰসিদ্ধ চৰ্যাকাৰৰ নাম হল লুইপা (লৌ হিত্যপাদ), মীননাথ, মৎসেন্দ্ৰনাথ আৰু সৰহপা।


19। ডাক শব্দ অৰ্থ কি?

উত্তৰঃ ডাক শব্দ অৰ্থ হল-উচ্চাৰণ কৰা, সম্বোধন কৰা বা আহ্বান কৰা।


20। তিব্বতী ভাষাত ডাক শব্দৰ অৰ্থ কি?

উত্তৰঃ তিব্বতী ভাষাত ডাক শব্দৰ অৰ্থ হৈছে-জ্ঞান। 


text


Also Read:Text with Link



21। চৰ্যাপদবোৰৰ এটা বৈশিষ্ট্য লিখা ?

উত্তৰঃ চৰ্যাপদবোৰৰ এটা বৈশিষ্ট্য হল ৰহস্যময় আৰু গুঢ় প্ৰকৃতি।


22। লুপাইপাদ কোন শতিকাৰ লোক?

উত্তৰঃ লুইপাদ একাদশ শতিকাৰ লোক।


23। চৰ্যাপদত কি কি ভাষাৰ প্ৰভাৱ দেখা যায়?

উত্তৰঃ চৰ্যাপদত বঙলা, মৈথিলী আৰু উৰীয়া ভাষাৰ প্ৰভাৱ দেখা যায়।


24। ডাক চৰিত ৰ ৰচক কোন?

উত্তৰঃ ডাক চৰিত কোনো অজ্ঞান লেখকৰ ৰচনা। 


25। ডাকৰ বচনসমূহ কোন সময়ৰ ৰচনা?

উত্তৰঃ ডাকৰ বচনসমূহ পঞ্চদশ শতিকাৰ আগৰ ৰচনা।


26। অসমীয়া আৰু বঙালী এই দুটা ভাষাৰ উমৈহতীয়া স্তৰ বা অৱস্থাৰ নিদৰ্শন পোৱা এখন গ্ৰন্থ নাম লিখা?

উত্তৰঃ অসমীয়া আৰু বঙালী এই দুটা ভাষাৰ উমৈহতীয়া স্তৰ বা অৱস্থাৰ নিদৰ্শন পোৱা এখন গ্ৰন্থ নাম হল শ্ৰীকৃষ্ণকীৰ্তন।


27। শ্ৰী কৃষ্ণকীৰ্তনত কেইটা চৰিত্ৰৰ সমাবেশ ঘটা দেখিবলৈ পোৱা যায়? কি কি ?

উত্তৰঃ শ্ৰী কৃষ্ণকীৰ্তনত তিনিটা চৰিত্ৰৰ সমাবেশ ঘটা দেখিবলৈ পোৱা যায়। 

চৰিত্ৰ কেইটা হল-কৃষ্ণ, ৰাধা আৰু বড়াই (বৰ আই)।


১। শ্ৰীকৃষ্ণ-কীৰ্ত্তন পুথিৰ ৰচক কোন?

উত্তৰঃ শ্ৰীকৃষ্ণ-কীৰ্ত্তন পুথিৰ ৰচক বড়ু চণ্ডীদাস।


২। শ্ৰীকৃষ্ণকীৰ্ত্তণ পুথিৰ উদ্ধাৰকৰ্তা কোন?

উত্তৰঃ শ্ৰীকৃষ্ণকীৰ্ত্তন পুথিৰ উদ্ধাৰ কৰিছিল বসন্তৰঞ্জন ৰায় বিদ্বৎবল্লভে।


28। শ্ৰীকৃষ্ণকীৰ্ত্তন কাব্যখনৰ মূল বৰ্ণনীয় বিষয় কি?

উত্তৰঃ শ্ৰীকৃষ্ণকীৰ্ত্তন কাব্যখনৰ মূল বৰ্ণনীয় বিষয় হল- ৰাধাকৃষ্ণৰ লীলা।


29। শ্ৰী কৃষ্ণকীৰ্তনত থকা খণ্ড কেইটা কি কি?

উত্তৰঃ শ্ৰীকৃষ্ণকীৰ্ত্তনত থকা খণ্ড কেইটা হল- জন্মখণ্ড, তাম্বুল খণ্ড ,দানখণ্ড , নৌকাখণ্ড ,ভাৰখণ্ড ,বৃন্দাবনখণ্ড ,কালিয়াদমনখণ্ড ,যমুনাখণ্ড , বংশীখণ্ড , ৰাধাবিৰহখণ্ড ।


30। অসমত ধৰ্মৰ পূজা কি পূজা অন্তৰ্গত?

উত্তৰঃ অসমত ধৰ্মৰ পূজা মনসা পূজা অন্তৰ্গত।




31। চৰ্যাপদৰ ব্যাকৰণগত বৈশিষ্ট্য লিখা ?

উত্তৰঃ চৰ্যাপদসমূহৰ ভাষাত একেধাৰে বঙলা, মৈথেলী আৰু উৰীয়া ভাষাৰ কিছু কিছু বিশেষত্ব প্ৰকাশ পোৱা যায়। চৰ্যাপদবোৰৰ ৰচনাকাল সম্পৰ্কে বিভিন্ন পণ্ডিতৰ মতৰ সামান্য প্ৰভেদ আছে যদিও, সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে, সেইবোৰ খ্ৰী. ৮ম শতিকাৰ পুৰ্ব নহয় আৰু দ্বাদশ শতিকাৰ পিছৰ নহয়। চৰ্যাপদ প্ৰাচ্য অপভ্ৰংশত শেষ স্তৰৰ ৰচনা। চৰ্যাপদসমূহৰ ভাষাৰ বৈয়াকৰণিক বৈশিষ্ট্য সমূহ হল-

১। চৰ্যাপদত নিষেধাৰ্থক ন সাধাৰণতে ক্ৰিয়াৰ আগতে বহা দেখিবলৈ পোৱা যায়। যেনে- ন ছাড়অ,নজাই, ন লেই ইত্যাদি। বহু ক্ষেত্ৰত নিষেধাৰ্থক মা, উপসৰ্গও ব্যৱহাৰ কৰিছে।

২। অতীতৰ কালৰ ক্ৰিয়া বুজাবলৈ ল, ইলা আদি প্ৰত্যয় ব্যৱহাৰ কৰিছে।যেনে- চোৰে নিল, বিবাহে চলিলা।

৩। অন্তে বা অন্ত প্ৰত্যয়ান্ত বৰ্তমানৰ কৃতন্ত পদৰ ব্যৱহাৰ চৰ্যাপদতো হৈছে।যেনে-জীৱন্তে, সুনন্তে আদি।

৪।অসমাপিকা ক্ৰিয়া বুজাবলৈ ই আৰু ইয়া প্ৰত্যয় চৰ্যাপদত ব্যৱহাৰ হৈছে।যেনে- গই, উঠি।

৫। নিত্য বৰ্তমান কালত পুৰণি অসমীয়াত কৰৈ, ধৰৈ, আদি ক্ৰিয়া ৰুপ চৰ্যাপদত দেখা যায়।

৬। ভৱিষ্যত কালবুজাবলৈ ধাতুৰ পাছত ব বা ইব প্ৰত্যয় বা বিভক্তিৰ ব্যৱহাৰ হৈছে। যেনে- হোইব, কৰিব আদি।

৭। হ্ৰস্বদীৰ্ঘ উচ্চাৰণ আৰু শ,ষ,স,ন,ণ,জ,য-এই বোৰৰ বিশেষ প্ৰভেদ দেখা নাযায়। দন্ত্য স, মূৰ্ধন্য ণ আৰু বৰ্গ্য জ ৰ অধিক ব্যৱহাৰ দেখা যায়।

৮। চৰ্যাপদত সৰ্বনামসমূহো ব্যৱহাৰ হৈছে।যেনে- তঞি্(তই), নিজ,আপোন।

৯। শব্দ বিভক্তি ক্ষেত্ৰত প্ৰথমাৰ এ,দ্বিতীয়া ক, তৃতীয়া এ আৰু ৰে, চতুৰ্থীৰ ক আৰু লৈ ,ষষ্ঠী ৰ,এৰ, সপ্তমীৰ ত এই শব্দ বিভক্তিবোৰ চৰ্যাপদত ব্যৱহাৰ হৈছে। যেনে- ঘৰ, থিৰ (স্থিৰ), থাহি, (থাউনি) আদি।


32। ৰামাই পণ্ডিতৰ শূণ্য-পুৰাণ ৰ বিষয়ে বহলাই লিখা?

উত্তৰঃ কোনো সাহিত্যৰ ঐতিহাসিক ধৰ্ম দেৱতাৰ মাহাত্ম্যক সূচক ৰামাই পণ্ডিতৰ শূণ্য পুৰাণক প্ৰাক শংকৰী যুগৰ অসমীয়া বঙলা উমৈহতীয়া সাহিত্যৰ অন্তৰ্ভূক্ত কৰিছে। ধৰ্ম পূজা বংগদেশৰ পশ্চিমাঞ্চলৰ উৎসৱ। অসমত ধৰ্ম দেৱতাৰ স্বতন্ত্ৰৰ পূজা আৰু উৎ সৱ থকা প্ৰমাণ পোৱা নাযায়। অসমত ধৰ্ম পূজা মনসা পূজা অন্তৰ্গত। কথাগুৰু চৰিতত অনন্ত কন্দলিয়ে ধৰ্ম পূজা কৰা কথা উল্লেখ আছে। মনকৰ পদ্মপুৰাণ আৰু দুৰ্গাবৰ বেউলা আখ্যানত ধৰ্ম দেৱতাৰ উল্লেখ পোৱা যায় আৰু মনসা পূজা ত ধৰ্ম দেৱতাৰ ঘটক স্থাপন কৰা হয়। শূণ্য-পুৰাণত ধৰ্ম দেৱতা, ধৰ্ম-পূজা উৎ পত্তি আৰু বিকাশত মহাযানী বৌদ্ধ, তান্ত্ৰিক হিন্দু আদিম লোকাচাৰ আৰু বিশ্বাসৰ অৱদান দেখা যায়। বংগদেশত সাধাৰণতে অতীত ব্ৰাহ্মণ ইয়াৰ পুৰোহিত আৰু নিম্ন শ্ৰেণী হিন্দু মাজত এই পূজা প্ৰচলিত। ধৰ্ম দেৱতা শূণ্যৰুপী আকৌ তেওক বিষ্ণু, সূৰ্য্য আৰু যমৰ লক্ষণ দেখা যায়। অসমৰ ধৰ্ম দেৱতাৰ ভিত্তিত কোনো মাহাত্মক কাব্য ৰচিত হোৱা নাছিল।

            ৰামাই পণ্ডিতৰ শূণ্য পুৰাণৰ সৃষ্টিতত্ব লগত মনকৰৰ পদ্মপুৰাণ, বিষয়গত আৰু ভাষাগত সাদৃশ্য দেখা যায়। শূণ্য পুৰাণৰ ভাষা বিভিন্ন যুগৰ ভাষাৰ প্ৰভাৱ পণ্ডিত সকলে আৱিস্কাৰ কৰিছে আৰু ই পূৰ্ব ৰুপ লাভ কৰে অষ্টাদশ শতাব্দী। কোনো কোনো পণ্ডিতৰ মতে শূণ্য পুৰাণ অংশ বিশেষ ত্ৰয়োদশ শতিকাত ৰচিত হয়। কিন্তু সুকুমাৰ সেনে ভাষাতত্ব দৃষ্টিৰে চায় ষোড়শ শতিকাৰ শতাব্দী আগলৈ শূণ্য পুৰাণক কোনোমতে নিয়াৰ সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰিছে। স্থান বিশেষে শূণ্য পুৰাণৰ ভাষাৰ লগত প্ৰাচীন অসমীয়া ভাষাৰ সাদৃশ্য পৰিলক্ষিত হয়। বৈয়াকৰণিক ৰুপৰ প্ৰয়োগলৈ লক্ষ্য ৰাখি ইয়াৰ অংশ বিশেষ প্ৰাচীন কামৰুপ ৰাজ্যত বা কামৰুপী পণ্ডিতে ৰচনা কৰাৰ বুলি অনুমান কৰিবলৈ বাধ্য কৰে। 

                শূণ্য পুৰাণত বহুতো অসমীয়া শব্দ প্ৰয়োগ দেখা যায়।উদাহৰণ স্বৰুপে - খৰিকা, টোপোলা,সৰু গজাল,পিতাক-খুড়াক দৰৱ জুই আদি।সপ্তমী বিভক্তি দন্ত্য ত, ষষ্ঠী ৰ, উত্তৰপুৰুষত ওঁ, নিজ অৰ্থত আপুনি সৰ্বনাম প্ৰয়োগ, তুমৰ্থক বিভক্তি ব, আৰু ইব, অসমীয়া ব্যাকৰণৰ লগত সাদৃশ্য দেখা যায়।
বিশেষে শূণ্য পুৰাণৰ অংশ বিশেষ যথেষ্ট সাদৃশ্য দেখা পোৱা যায়। মনকৰ ষোড়শ শতিকাৰ আদিৰ ভাগৰ কবি। সেই ফালৰ পৰা লক্ষ্য কৰিলে শূণ্য পুৰাণ অংশ বিশেষৰ ৰচনা কাল পঞ্চদশ শতিকা বা তাৰ আগত হৈছিল বুলি অনুমান কৰিব পাৰি।   




33।শ্ৰীকৃষ্ণকীৰ্ত্তনৰ ভাষাৰ লগত অসমীয়া ভাষাৰ কি কি সাদৃশ্য আছে লিখা ? 

উত্তৰঃ অসমীয়াৰ ভাষাৰ বৈয়াকৰণিক লক্ষণযুক্ত আৰু খাচ অসমীয়া শব্দৰ প্ৰয়োগ থকা দুই এখন কাব্য আছে যি কেইখন বৰ্তমানে বঙালী লিপিকাৰ আৰু বঙালী সম্পাদকৰ হাতত পৰি বঙলা সাহিত্য অন্তৰ্ভুক্ত হৈছে। বঙালী লিপিকাৰ আৰু সম্পাদকৰ হাতত পুৰণি অসমীয়া ৰুপ বহু পৰিমাণে যে বঙলুৱা হৈ পৰিছে সন্দেহ নাই, কিন্তু বঙলুৱা ঠাঁচৰ মাজেদিও অসমীয়া শব্দ আৰু বৈয়াকৰণিক গঢ়ে ভুমুকি নমৰাকৈ নাথাকে। এনে ধৰণৰ পুথিৰ ভিতৰত প্ৰাচীনতম হৈছে বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণকীৰ্ত্তণ। স্বৰ্গীয় বাণীকান্ত কাকতিয়ে শ্ৰীকৃষ্ণকীৰ্ত্তনৰ ভাষাৰ সমালোচনা কৰি মত প্ৰকাশ কৰিছে যে, শ্ৰীকৃষ্ণকীৰ্ত্তণ অসমীয়া বঙলী এই ভাষা দুটাৰ উমৈহতীয়া স্তৰ বা অৱস্থাৰ নিদৰ্শন। শ্ৰীকৃষ্ণকীৰ্ত্তণৰ উদ্ধাৰ কৰ্তা আৰু প্ৰথম সম্পাদক বসন্তৰঞ্জন ৰায় বিদ্বৎ বল্লভে ইয়াৰ ভাষাৰ এঠাইত আলোচনা কৰি কৈছে যে, পুথিখনে শেষ লিপিকাৰৰ হাতত পৰা আগতে সম্ভৱ কামৰুপ বা অসম ভ্ৰমণ কৰি আহিছিল। এই ধৰণৰ মন্তব্যয়ো প্ৰমাণ কৰে যে, বসন্তৰঞ্জনৰায় মহাশয়েও কামৰুপী বা অসমীয়া ভাষাৰ লগত শ্ৰীকৃষ্ণকীৰ্ত্তণৰ ভাষাৰ মিল লক্ষ্য কৰিছিল। উদাহৰণস্বৰুপে- তপত, পৰাণ, আজি, উজান, তেজপাত, দিন, ভাল, ভিতৰ, সাতসৰী হাৰ, ভৈল, সাধু, আদি অসমীয়া শব্দৰ প্ৰয়োগ দেখা যায়।

                শ্ৰীকৃষ্ণকীৰ্ত্তণত ব্যৱহাৰ নোহোৱা অথচ অসমীয়াত এতিয়াও প্ৰচলিত বহু শব্দৰ প্ৰয়োগ থকাৰ বাহিৰেও অসমীয়া ব্যাকৰণত কিছুমান স্বকীয় বিশেষত্ব পোৱা যায়। উত্তম পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়াত ওঁ, ক্ৰিয়াৰ আগত নিষেধাৰ্থক ন, সংযোগ, আপাদান অৰ্থত হন্তে, ৰ ব্যৱহাৰ, ভৱিষ্যত ক্ৰিয়াৰ্থা বুজাবলৈ ইব ব্যৱহাৰ আদি অসমীয়া স্বকীয় বিশেষত্ব কিছুমান শ্ৰীকৃষ্ণকীৰ্ত্তনত পোৱা যায়।

উত্তৰ পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়া বিভক্তি ওঁ, ৰ প্ৰয়োগ শ্ৰীকৃষ্ণকীৰ্ত্তনত দেখা যায়। যেনেঃ চাহোঁ কৰি কৰোঁ। কিছুমান ক্ৰিয়াৰ বিভক্তি দুয়ো ঠাইতে একে। যেনেঃ খাইবো-খাইবো। নিষেৰ্ধাথক ন অসমীয়া দৰে ক্ৰিয়া আগত বহা শ্ৰীকৃষ্ণকীৰ্ত্তনতো দেখা যায়। যেনেঃ নাবোল-নাবোল। অসমীয়াত পঞ্চমী বিভক্তি চিন নাই। শব্দৰ পাছত পৰসৰ্গৰ ব্যৱহাৰ কৰা হয়।আপাদান অৰ্থত পঞ্চমী বিভক্তি চিনৰুপে হতে, (হন্তে) আৰু হৈতে দুয়োৰে ব্যৱহাৰ দেখা যায়। শ্ৰীকৃষ্ণকীৰ্ত্তনতো এই বৈশিষ্ট্য প্ৰতিফলিত হৈ উঠিছে। যেনে- আজি হৈতে,শয্যা হন্তে আদিৰ শ্ৰীকৃষ্ণকীৰ্ত্তনত দেখা যায়। পানী,গুটি আদি নিদিৰ্ষ্টবাচক শব্দৰ ব্যৱহাৰ দুয়ো ঠাইতে দেখা যায়।যেনে-নাতিনী খানী,বাশী গুটি-প্ৰাণখানি, দুগুটি সন্তান। কিছুমান বহু বচনাতন্মাক শব্দ দুয়ো ঠাইতে একে। তাৰোপৰি মাধৱ কন্দলী, মনকৰ, দুৰ্গাবৰ আদি পুৰণি অসমীয়া কবিসকলৰ ভাষাৰ লগত শ্ৰীকৃষ্ণকীৰ্তনৰ ভাষাৰ সাদৃশ্য অতি বেছি। অসমীয়া ব্ৰজবুলি ভাষাৰ লগতো শ্ৰীকৃষ্ণকীৰ্তনৰ ভাষাৰ সাদৃশ্য আছে।

এনেদৰে আলোচনা কৰি আমি এই সিদ্ধান্তত উপনীত হব পাৰো যে আচলতে চৰ্যাপদৰ পাছতে অসমীয়া ভাষাৰ পৰৱৰ্তী নিৰ্দশন আমি শ্ৰীকৃষ্ণকীৰ্তনত ৰক্ষিত হোৱা দেখিবলৈ পাওঁ।



34। উমৈহতীয়া সাহিত্য শ্ৰীকৃষ্ণকীৰ্ত্তণ বিষয়ে বহলাই লিখা?

উত্তৰঃ বড়ুো চণ্ডী দাসৰ শ্ৰীকৃষ্ণকীৰ্ত্তণঃ- অসমীয়া ভাষা বৈয়াকৰণিক লক্ষণ যুক্ত আৰু খাচ অসমীয়া শব্দ প্ৰয়োগ থকা দুই এখন কাব্য আছে, যি কেইখন বৰ্তমানে বঙালী লিপিকা আৰু বঙালী সম্পাদকৰ হাতত পৰি বঙলা সাহিত্য অন্তৰ্ভুক্ত হৈছে। অৱশ্যে এই কথাও স্বীকাৰ কৰিব লাগিব যে বৰ্তমান আমি যি ছপাৰ পুথি পাইছো সেই পুথি অধিক মাত্ৰাই বঙলোৱা। বঙালী লিপিকা আৰু সম্পাদকৰ হাতত পৰি পুৰণি অসমীয়া ৰুপ বহু পৰিমাণে যে বঙলোৱা হৈ পৰিছে, সেই বিষয়ে সন্দেহ নাই। কিন্তু বঙলোৱা ঠাচ মাজেদিও অসমীয়া শব্দ আৰু বৈয়াকৰণিক গঢ়ে ভুমুকি নমৰাকৈ নাথাকে।

       এনে ধৰণৰ পুথি ভিতৰত প্ৰাচীনতম হৈছে বড়ো চণ্ডী দাসৰ শ্ৰীকৃষ্ণকীৰ্তন। স্বৰ্গীয় বাণীকান্ত কাকতিয়ে শ্ৰীকৃষ্ণকীৰ্তনৰ ভাষা সমালোচনা কৰি মত প্ৰকাশ কৰিছে যে শ্ৰীকৃষ্ণকীৰ্তন অসমীয়া-বঙালী এই ভাষা দুটা উমৈহতীয়া স্তৰ বা অৱস্থাৰ।শ্ৰীকৃষ্ণকীৰ্তন উদ্ধাৰ কৰ্তা আৰু প্ৰথম সম্পাদক বসন্ত ৰঞ্জন ৰায় বিদ্বৎ বল্লভে ইয়াৰ ভাষাৰ আলোচনা কৰি এঠাইত পুথিখনে শেষ লিপিকা হাতত পৰা আগতে সম্ভৱ কামৰুপ বা অসম ভ্ৰমণ কৰি আহিছিল।

            শ্ৰীকৃষ্ণকীৰ্তনৰ কবি বড়ো চণ্ডী দাসৰ শ্ৰীকৃষ্ণকীৰ্তন ৰচনা কাল চতুৰ্দশ শতিকাৰ পাছলৈ কোনোমতে আনিব নোৱাৰি বুলি পণ্ডিত সকলৰ মত। পণ্ডিতসকলৰ মতে বড়ো চণ্ডীদাস চতুৰ্দশ শতিকাৰ মানত উদ্ভৱ হৈছিল যদিও কাব্যখনত পৰৱতী শতাব্দী ছাঁ নপৰাকৈ থকা নাই।

            শ্ৰীকৃষ্ণকীৰ্তনত বঙালী ব্যৱহাৰ নোহোৱা অথচ অসমীয়া এতিয়াও প্ৰচলিত বহু শব্দ প্ৰয়োগ থকা বাহিৰেও অসমীয়া ব্যাকৰণ কিছুমান স্বকীয় বিশেষত্ব পোৱা যায়। প্ৰথম পুৰুষৰ বৰ্তমান কাল ক্ৰিয়াৰ ওঁ, ক্ৰিয়াৰ আগত নিষেধাৰ্থ ন, সংযোগ, আপাদানাৰ্থত হন্তে, ব্যৱহাৰ, ভৱিষ্যত ক্ৰিয়া বুজাবলৈ ইব, ব্যৱহাৰ আদি অসমীয়া ভাষা স্বকীয় বিশেষত্ব কিছুমান শ্ৰীকৃষ্ণকীৰ্তনত দেখা পোৱা যায। এই কাব্যত ব্যৱহাৰ হোৱা শব্দাৱলী লগত বহুতো অসমীয়া শব্দ সাদৃশ্য আৰু একক ৰুপ মনকৰিবলগীয়া।

            গ্ৰন্থখনৰ বহু ঠাইত সমান্তৰালভাৱে বঙলা আৰু অসমীয়া ৰুপ সংৰক্ষিত হৈছে। উদাহৰণস্বৰুপে উত্তৰপুৰুষৰ বৰ্তমান কাল ক্ৰিয়াৰ বিভক্তি ওঁ, (অস) ই, (বঙালী) যেনে-চাহি, চাহোঁ, কৰি, কৰোঁ। নিষেৰ্ধাথক ন, অসমীয়া দৰে শ্ৰীকৃষ্ণকীৰ্তনতো ক্ৰিয়া আগত বহা দেখা যায়। সেইদৰে তুমৰ্থক ভৱিষ্যত বুজাবলৈ ক্ৰিয়াৰ পাছত ইত, আৰু ইব, প্ৰত্যয়ৰ প্ৰয়োগ ক্ৰমে বঙলা আৰু অসমীয়া ভাষা বিশেষত্ব। শব্দ ক্ষেত্ৰতো বহুতো শব্দ আছে যিবোৰ আধুনিক বঙলাত ব্যৱহাৰ নহয়। অথচ অসমীয়াত বৰ্তমানেও জীৱন্তৰুপত চলি আছে। এনেবোৰ কাৰণৰ পৰা কব পাৰি শ্ৰীকৃষ্ণকীৰ্তনৰ ভাষাত বঙলোৱা ঠাচ থাকিলেও প্ৰাচীনস্তৰ জকাটো অসমীয়া ৰুপ স্পষ্টভাৱেদেখিবলৈ পোৱা যায়।


35। চৰ্যাপদৰ ভাষা সম্পৰ্কে লিখা?

উত্তৰঃ চৰ্যাপদ ভাষা মহাযানী বৌদ্ধ ধৰ্ম তন্ত্ৰযাান শাখাৰ শেহতীয়া পন্থা সহজযান মতাৱলম্বী সিদ্ধাচাৰ্য সকলৰ ধৰ্ম সাধনা তত্ত্ব প্ৰচাৰ উদ্দেশ্য খৃঃ ৮ম শতিকাৰ পৰা ১২শ শতিকাৰ ভিতৰত চৰ্যাপদ সমূহ ৰচিত হৈছিল।চৰ্যাপদৰ ভাষা এক প্ৰকাৰৰ তাৎপৰ্য পূৰ্ণ ভাষা। চৰ্যাপদৰ মূল ধৰ্ম তত্ত্ব যি দৰে ৰহস্যপূৰ্ণ, ইয়াৰ ভাষাও সেইদৰে ৰহস্যপূৰ্ণ।

             খৃঃ ত্ৰয়োদশ-চতুদৰ্শ শতিকাৰ মাজভাগত আচাৰ্য মুনিদত্তই চৰ্যাগীতিকোষৰ টীকা ব্যাখ্যা কৰোতে পোনতে ইয়াৰ ভাষাৰ অংশ বিশেষক সান্ধ্যাভাষা আখ্যা দিছিল। প্ৰসংগ অনুযায়ী তেওঁ সান্ধ্যা-সংকেত,সন্ধ্যা-বচন আৰু সন্ধ্যা, এই শব্দৰ দ্বাৰাও বিষয়-বস্তু গূহ্য অৰ্থ দাঙি ধৰিছে। চৰ্যাপদৰ অন্যতম গৱেষক নীলৰতন সেনদেৱে চৰ্যাপদৰ ভাষাৰ আলোচনা প্ৰসঙ্গত কৈছে অধিকাংশ গীত মৰমী ভাৱদ্যোতক, সন্ধ্যভাষা অৰ্থাৎ সন্ধানী বা মৰমী ভাষাৰ ৰচিত।


                চৰ্য্যাচৰ্য্য বিনিশ্চয় পুথিৰ উদ্ধাৰ কৰ্তা হৰপ্ৰসাদ শাস্ত্ৰীয়ে সান্ধ্যভাষা তাৎপৰ্য দাঙি ধৰি কৈছে- সহজিয়া ধৰ্মেৰ সকল বইই সন্ধ্যা ভাষায় লেখা। সন্ধ্যা ভাষাব় মানে আলো-আধাব়ি ভাষা, কতক অনুকাব়, খানিক বুঝা যায়, খানিক বুঝা যায় না, অৰ্থাৎ সকল উচুঁ অঙ্গেৱ ধৰ্ম কথাব় ভিতৰে একটা অন্য ভাবেব় কথাও আছে। সেটা খুলিয়া বাখ্যা কৰিবাৰ নয়। যাহাৰ সাধন-ভজন কৰেন তাহাঁই বাই সেই কথা বুঝিবেন কাজ নাই। সন্ধ্যা ভাষাটো সহজযানী বৌদ্ধ সিদ্ধাচাৰ্য সকলৰ এটা সাংকেতিক ভাষা।
 



আমাৰ Edu Materials বা বিজ্ঞাপন কোনো ব্যক্তিগত প্ৰতিস্থান বা চৰকাৰী ভাবে প্ৰকাশিত নহয়। সঠিক তথ্য অনুসৰি প্ৰকাশিত ব্যৱহাৰ সুলভ ভাবে প্ৰচাৰিত কৰা হৈছে। আপোনাৰ কোনো ধৰণৰ Query বা অভিযোগ উপস্থাপন কৰিবলৈ আমাৰ editor ৰ লগত যোগাযোগ কৰিব পাৰে অথবা Contact Us ত দাখিল কৰক।{alertInfo}

Previous Post Next Post

Ads

Photo Ads