লাচিত বৰফুকন বিষয়ে ৰচনা || Assamese Essay Lachit Borokhun

 লাচিত বৰফুকন || Lachit Borokhun.

আহোমৰ বীৰ সেনাপতি লাচিত বৰফুকন

লাচিত বৰফুকন
বীৰ সেনাপতি লাচিত বৰফুকন 



 জন্ম:

মহাবীৰ লাচিত বৰফুকনৰ জন্ম ২৪ নবেম্বৰ, ১৬২২ খ্ৰীষ্টাব্দত আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি জনা যায়। তেওঁৰ পিতৃ আছিল ম'-ছাই চেং কালুক । তেওঁৰ পিতৃক আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱা নামেৰে জনা যায়। লাচিত বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱাৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান) তথা কণিষ্ঠ পুত্ৰ। লাচিত বৰফুকন আছিল লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ লোক। তেখেতৰ ভাতৃৰ নাম - মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত।




 শিক্ষা জীৱন:

পিতৃ মোমাই তামুলী বৰবৰুৱাই লাচিত বৰফুকনক শিক্ষা প্ৰদান কৰিবলৈ উপযুক্ত শিক্ষক নিয়োগ কৰিছিল। লাচিত বৰফুকনে তেতিয়াই আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰিছিল। দেশৰ বুৰঞ্জী আৰু শাসনকাৰ্য সম্পৰ্কীয় জ্ঞানো তেওঁ লাভ কৰিছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ বিভিন্ন অস্ত্ৰচালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰিছিল আৰু সকলো ক্ষেত্ৰতে ক্ৰমান্বয়ে পাৰ্গত হৈ উঠিছিল। বৰবৰুৱাৰ পুত্ৰ হিচাপে স্বৰ্গদেউৰ বৰচৰালৈও লাচিতৰ সঘন আহ-জাহ আছিল। ইয়াৰ ফলত ৰাজসভাৰ আদব-কায়দা সমূহো তেওঁ অতি সোনকালেই শিকিছিল।


লাচিত বৰফুকন সৰুৰে পৰা অতি নিৰ্ভীক, সৎ আৰু স্পষ্টবাদী আছিল। তেওঁৰ পিতৃ আহোম ৰজাৰ বৰবৰুৱা পদবীত থকা বাবে তেওঁ সৰুৰে পৰাই তেওঁৰ পিতৃৰ কাম-কাজ তথা বিভিন্ন ডা-ডাঙৰীয়াসকলৰ সৈতে হোৱা আলোচনাবোৰ প্রত্যক্ষ কৰাৰ সুবিধা লাভ কৰিছিল আৰু এইবোৰৰ পৰা তেওঁ বহুতো জ্ঞান তথা অভিজ্ঞতা আহৰণ কৰিছিল।



পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক হিচাপে লাচিত বৰফুকনে আহোম ৰাজসভাত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলতহে আহোম ৰাজ্যৰ বৰফুকন তথা প্রধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন। গুৰুত্বপূৰ্ণ কথা যে পোন প্রথমেই আহোম ৰাজ্যৰ সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে লাচিত বৰফুকনে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ 'হাঁচতিধৰা তামুলী'ৰ পদত নিযুক্ত হৈছিল। ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোত অধিষ্ঠিত হৈ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লাচিত বৰফুকনে।


ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকন নিযুক্ত পাইছিল ঘোঁৰাবৰুৱাৰ পদত। ঘোঁৰাবৰুৱাৰ পদত কাৰ্যনিৰ্বাহ কৰি থাকোতে লাচিত বৰফুকনে ঘোঁৰাসমূহ সঠিক ভাৱে তত্ত্বাৱধান কৰাই নহয় বহ কেইটা দুর্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভা আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল।


ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ বাবে পৰৱৰ্তী সময়ত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত। শিমলুগুৰিয়া ফুকন হিচাপে দায়িত্ব সম্পন্ন কৰা লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দোলাকাষৰীয়া বৰুৱা হিচাপে। দোলাকাষৰীয়া বৰুৱা হিচাপে নিযুক্তি লাভ কৰা লাচিত বৰফুকনৰ কাম আছিল ৰজা দোলাত যাওঁতে ৰজাৰ পালিপহৰীয়া (চাওদাং) সকলক নিয়ন্ত্ৰণ কৰা।


Also Read

Latter Writing  

মোগলৰ সৈতে যুদ্ধ:

গুৰুত্বপূৰ্ণ কথা যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ১৬৬২ খ্রীষ্টাব্দত মোগল সম্রাট ঔৰংজেৱৰ সেনাবাহিনীয়ে মীৰজুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তর্ভুক্ত কৰিছিল। জয়ধ্বজ সিংহই সেই সময়ত অসমৰ স্বাধীনতা ঘুৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সফল হ'ব পৰা নাছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অতীতৰ গৌৰৱ উদ্ধাৰ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। আৰু এই বাবে এজন যোগ্য সেনাপতিৰ সন্ধান কৰি লাচিত বৰফুকনক সেনাপতি দায়িত্ব অৰ্পণ কৰিছিল।


লাচিত বৰফুকনে সেনাপতি দায়িত্ব লৈয়েই দেশৰ সৈন্য সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৬৬৭ খ্রীষ্টাব্দত লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলায় মোগল সকলক আক্ৰমণ কৰে। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই আহোম সৈন্যই বিজয়ধ্বজা উৰুৱাই আৰু আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰৰ দিনা মাজনিশা। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত বহু সংখ্যক মোগল সৈন্যই প্রাণ আহুতি দিয়ে অন্যহাতে মিৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


বিখ্যাত আলাবৈ ৰণত লাচিত বৰফুকনৰ ভূমিকা:

১৬৬৭ চনত আহোম-মোগলৰ যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত লাচিতে তেওঁৰ বীৰত্বৰ পৰিচয় দি মোগল সৈন্যক মানাহ নদী পাৰ কৰি খেদি পঠিয়াইছিল। অসমীয়া সৈন্যৰ হাতত হোৱা মোগলৰ এই পৰাজয়ৰ কথা সহ্য কৰিব নোৱাৰি এইবাৰ মোগল সম্ৰাট ঔৰংজেৱে সেনাপতি ৰামসিংহক ১৬৬৮ চনৰ ৬ জানুৱাৰীত অসম আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰিছিল। মোগলৰ বিশাল সৈন্যবাহিনী দেখিও লাচিত বৰফুকনে অলপো বিচলিত নহৈ শত্ৰুৰ সৈতে পৰাক্ৰমেৰে যুঁজ দিবলৈ অসমীয়া সৈন্য সকলক আহ্বান জনাইছিল আৰু সকলোকে নিজৰ কৰ্তব্যত অৱহেলা নকৰাৰ বাবে সকীয়নি দিছিল। মােগলে তেতিয়া কামৰূপ জিলাৰ দলিবাৰীৰ ওচৰৰ আলাবৈ পৰ্বতৰ দাঁতিত বাহৰ পাতি আছিল। এই আলাবৈ ক্ষেত্ৰতেই ১৬৬৯ চনত আহােম আৰু মােগলৰ মাজত এখন তয়া-ময়া ৰণ হয়। এই যুদ্ধৰ নাম আলাবৈ যুদ্ধ। আলাবৈ যুঁজত একেদিনাই প্রায় ১০,০০০ আহােম সেনাই প্রাণ দিব লগা হয়। আলাবৈৰ যুদ্ধৰ পৰাজয়ে লাচিতৰ মনলৈ হতাশা আনে। কিন্তু মহামন্ত্রী আতন বুঢ়াগােহাঁইৰ বুজনিত তেওঁ পুনৰ দৃঢ় হল।


ঐতিহাসিক শৰাইঘাটৰ ৰণ আৰু লাচিতৰ বীৰত্ব:

লাচিতে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ ওচৰত শত্ৰু সৈন্যক ভেটা দিবলৈ এটা গড় নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু তাৰ চোৱা-চিতাৰ কাম তেওঁৰ এজন মোমায়েকক প্রদান কৰিছিল। কিন্তু গড় নিৰ্মাণৰ কাম পিছ পৰি থকাত গড় নিৰ্মাণস্থলীতে তেওঁ মোমায়েকক শিৰচ্ছেদ কৰি ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি কৈ নিজ দেশভক্তিৰ পৰিচয় দিছিল। তেওঁৰ এই উগ্ৰমূৰ্তি দেখি সকলো বৰ শংকিত হৈছিল আৰু দুগুণ শক্তিৰে কাম কৰি ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ কৰি মোগল সৈন্যক ভেটা ‘ দিছিল।

তেনে সময়তে কিছুদিন পিছত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মৃত্যু হ’ল। ৰামসিংহইও লাচিতৰ লগত যুদ্ধ সন্ধিৰ প্ৰস্তাৱ আগবঢ়াই । আনফালে লাচিতাে নৰীয়াত পৰিল। এনে পৰিস্থিতিত পৰৱৰ্তী স্বৰ্গদেউ উদয়াদিত্য সিংহই আতন বুঢ়াগােহাঁইৰ পৰামৰ্শ লৈ মােগলক চিৰদিনৰ বাবে খেদি পঠিয়াবলৈ থিৰাং কৰিলে।

স্বৰ্গদেউৰ আদেশ মানি লাচিতে নৰীয়া দেহাৰেই নৌ-যুদ্ধৰ বাবে সাজু হ'ল। নদীৰ মাজত আহোম-মোগল বাহিনীৰ মাজত ভীষণ যুদ্ধ চলিল। অসমীয়া সেনাৰ বীৰত্বত বহুতাে মােগল সৈন্যই মৃত্যু মূখত পৰিল আৰু লাচিতৰ নেতৃত্বত আহোম সেনাই মােগলক মানাহ নদীলৈকে খেদি পঠিয়ালে । এইখনেই হ’ল ইতিহাস প্ৰসিদ্ধ বিখ্যাত শৰাইঘাটৰ যুদ্ধ।

লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ'ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা। মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকন নেতৃত্বই অসম বাসীৰ শৌর্য-বীর্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। নৰীয়া শৰীৰে অথচ বুদ্ধিমত্তাৰ উদাহৰণ দাঙি ধৰি লাচিত বৰফুকনে যিদৰে মোগল সৈন্যৰ সৈতে সন্মুখ সমৰত লিপ্ত হ'ল সেইয়া অতি প্ৰশংসনীয়। গুৰুত্বপূৰ্ণ কথা যে ৰণনীতিগত ক্ষেত্ৰত ব্যাপক ইন্ধন যোগাই লাচিত বৰফুকনে প্ৰথম বাৰৰ বাবে গেৰিলা যুদ্ধ পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।

লাচিত বৰফুকনৰ বীৰত্বৰ সম্পৰ্কত প্ৰতিদ্বন্দ্বী মোগল সেনাপতি ৰামসিংহই প্ৰশংসাৰ সুৰত কৈছিল-‘বৰফুকন এজন ডাঙৰ যোদ্ধা,চক্ৰাকৃতি বেহু আৰু আগবাঢ়ি ধৰিবলৈ ক’তো ছিদ্ৰ নাই’।ৰামসিংহই আহোমৰ ৰজা-প্ৰজাৰ লগতে সেনা বাহিনীকো প্ৰশংসা কৰি কৈছিল-‘ধন্য আহোম ৰজা,ধন্য মন্ত্ৰী,ধন্য সেনাপতি,ধন্য সেনা।এক আদমীয়ে সকলো সেনা চলাইতে পাৰে’।


মৃত্যু:

নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই। ১৬৭২ খ্রীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়।

Previous Post Next Post

Ads

Photo Ads