মগনিয়াৰ - যতীন্দ্ৰ নাথ দুৱৰা | Class 12 Assamese Questions Answer

 

AHSEC/NCERT.PNG



(ক) অতি চমু প্রশ্নঃ 


১/ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন? 

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।


২) কবি যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰ : ১৮৯২ চনত।


৩) যতীন্দ্ৰ নাথ দুৱৰাক কি কৰি বুলি কোৱা হয়? উত্তৰ : 'বনফুল'ৰ কবি বুলি কোৱা হয়।


৪) 'ওমৰ তীৰ্থ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ? 

উত্তৰ : 'ওমৰ তীৰ্থ' পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ 'কবায়তৰ ভাৱানুবাদ।



(খ) চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩)


১) কথা-কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰ : কথা-কবিতা এবিধ কবিতাই। ইয়াত ভাৱ প্ৰকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নির্বাচন কৰি লোৱা হয়। কথা-কবিতা পদ্যময় ৰচনা হয়। কথা-কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰে।


কথা-কবিতাৰ কেইটিমান লক্ষণ হ'ল :

১/ কথা-কবিতাত ৰূপৰ সমাৱেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক। 

২/ কথা-কবিতা চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।


২) কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে? 

উত্তৰ : কবিতা আৰু কথা-কবিতাৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল:-

(ক) কথা-কবিতা এবিধ কবিতা হ'লেও সম্পূৰ্ণ ৰূপে কবিতা নহয়, কিন্তু কবিতা এটি সম্পূর্ণ কবি সুলভ মনোভাবেৰে লিখা হয়।


(খ) কথা-কবিতা চিত্রধর্মিতাৰ ওপৰত প্ৰতিষ্ঠিত; কিন্তু কবিতা যে চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত হ'বই লাগিব তেনেকুৱা একো কথা নাই। 

(গ) কথা কবিতাত ৰূপকৰ সমাবেশ থাকে। আনহাতে সকলো কবিতাত প্রতীক বা ৰূপক নাথাকে। 


৩) ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।

উত্তৰ : ওমৰ খায়াম ফাৰ্চী ছুফী কবি আছিল। তেওঁ ৰচনা কৰা পুথি এখন হ'ল 'কবায়ত'।


৪) মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? 

উত্তৰ : মগনিয়াৰজনে কবিৰ পৰা মানৱীয় সহানুভূতি আৰু আন্তৰিকতা দান পোৱাৰ কথা কৈছে।


৫)  ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।'- কোনে কি প্ৰসংগত এই উক্তি কৰিছিল ? 

উত্তৰ : এই কথাষাৰ কবিয়ে মগনিয়াৰজনক কৈছিল।

    এদিনাখন কবিয়ে বাটেৰে গৈ থাকোতে হাড় ছাল ওলোৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ'লহি। দৰিদ্ৰ ওঁঠ, ছাল ফটা মগনিয়াৰজনক দেখি কবিৰ দয়া উপজিল যদিও বৃদ্ধ মগনিয়াৰ জনক দিবলৈ কবিয়ে মোনাত একো বিচাৰি নাপালে, আনকি এখন কমালো নাছিল কবিৰ ওচৰত। কবিয়ে লক্ষ্য কৰিছিল যে মগনিয়াৰজনে তেতিয়াও বৰ আশাৰে কবিৰ ওচৰত হাত পাতি থিয় দি আছিল। কবিয়ে তেতিয়া বৰ আন্তৰিকতাৰে মগনিয়াৰ জনৰ হাত দুখন সাৱটি ধৰি একো দিব নোৱাৰা কাৰণে তেওঁক খং নকৰিবলৈ প্ৰশ্নত উদ্ধৃত কথাখিনি কৈছিল।



(গ) দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)


১) ‘মগনিয়াৰ' শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা।

উত্তৰ : কবি যতীন্দ্ৰ নাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবিৰ দুৱাৰৰ সন্মুখত থিয় হৈছে। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্ৰতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনিয়াৰজনে উখহা অপৰিষ্কাৰ হাত এখন মেলি কবিক সহায় খুজিছে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে। কবিয়ে নিজৰ লগত টকা, ঘড়ী, কমাল একোৱেই অন্য নাছিল। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰিকৈ ওচৰলৈ গৈ কবিয়ে হাত দুখন সাৱটি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ ক'লে। মগনিয়াৰজনে শেতা ওঁঠ দুখনত অলপ হাঁহি আনি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে। লগতে মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক একপ্ৰকাৰৰ দান বুলিয়ে কবি দুৱৰাৰ সন্মুখত ব্যক্ত কৰিছে। কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপকাত্মক অর্থ প্রকাশ কৰিছে। পাঠটোৰ মুখ্য কেন্দ্ৰস্থ ভাৱ হৈছে দৰিদ্ৰতা, আৰু সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা।


২) 'মগনিয়াৰ' পাঠটিত কথা-কবিতাৰ কি কি লক্ষ্য পৰিস্ফুট হৈছে? 

উত্তৰ: যতীন্দ্রনাথ দুৱাৰৰ 'মগনিয়াৰ' পাঠটি এটি কথা-কবিতা। এই কবিতাটোত কথা কবিতাৰ উল্লেখিত লক্ষণসমূহ পৰিস্ফুট হৈছে—


ক) কথা কবিতা ৰূপকাত্মক। 'মগনিয়াৰ কথা-কবিতাটোত মগনিয়াজনক গোটেই মগনিয়াৰ শ্ৰেণীটোৰে প্ৰতীক তথা ৰূপ হিচাপে গ্ৰহণ কৰা হৈছে।

খ) কথা কবিতাৰ চিত্রধর্মিতাও 'মগনিয়াৰ' কথা কবিতাটিত ফুটি ওলাইছে। ইয়াত সৰ্বস্বান্ত কবিৰ দৰিদ্ৰতা আৰু মগনিয়াৰ জনৰ দৰিদ্ৰতাৰ সুন্দৰ চিত্ৰ পৰিষ্কাৰকৈ প্ৰকাশ পাইছে।

(গ) 'কথা কবিতা'ৰ এটাই মাথোন কেন্দ্ৰস্থ ভাৱ থকা বৈশিষ্ট্যও 'মগনিয়াৰ কথা-কবিতাটিত প্ৰকাশ পাইছে। কবি আৰু মগনিয়াৰ জনৰ মাজত এটাই মাথোন সাদৃশ্য আছে, সেয়া হ'ল দুয়োৰে আন্তৰিকতা। এই আন্তৰিকতাই হৈছে মগনিয়াৰ কথা-কবিতাটিৰ কেন্দ্ৰস্থ ভাৱ।


৩)  কবি যতীন্দ্ৰ নাথ দুৱৰাৰ সাহিত্য-কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা । 

উত্তৰ: কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত জন্ম হয়। কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱে ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ছাত্ৰ অৱস্থাত ৰচনা কৰা কবিতা পুথিকেইখন হ'ল— ওমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। 'কথা কবিতা' তেওঁৰ একমাত্ৰ কথা-কবিতাৰ পুথি। ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ 'ৰুবায়ত’ৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই 'ওমৰ তীৰ্থ পুথিখনি ৰচনা কৰে। 'বনফুল' কবিতাপুথিৰ বাবে তেওঁ সাহিত্য অকাদেমি বঁটাও লাভ কৰিছিল। এই বঁটা লাভ কৰা তেৱেঁই প্ৰথম অসমীয়া। দুৱাদেৱে ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশৰ সভাপতিত্বও কৰিছিল। ১৯৬৪ চনত শিৱসাগৰত দুৱাৰৰ মৃত্যু হয়।


৪) ‘মগনিয়াৰ’পাঠটি ক'ৰপৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূলভাবটি তোমাৰ ভাষাত লিখা।

উত্তৰ : ‘মগনিয়াৰ’ পাঠটি যতীন্দ্ৰ নাথ দুৱাদেৱৰ 'কথা-কবিতা' নামৰ পুথিখনৰ পৰা লোৱা হৈছে।

        এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড়-ছাল ওলোৱা এজন বুঢ়া-বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ'লহি । মগনিয়াৰ জনৰ শেতা পৰা ওঁঠ, ৰঙা চকু আৰু ফটা-চিটা কাপোৰৰ দৰিদ্ৰ ৰূপটো দেখি কবিৰ মন ব্যথাৰে ভৰি পৰিল। সেই মুহুৰ্ততে মগনিয়াৰ জনে কবিৰ কাষলৈ আহি ভিক্ষা খোজাত কবি দোধোৰ-মোধোৰ অৱস্থাত পৰিছিল। কবিয়ে চোলাৰ মোনাত হাত ফুৰাই চালে, কিন্তু একো নাপালে। আনকি এখন ৰুমালো কবিয়ে বিচাৰি নাপালে। কবিয়ে নিঃস্ব মগনিয়াৰ জনক একো দিবলৈ নাপাই অপৰাধবোধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নোৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমর্থতা প্ৰকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে 'ককাই' বুলি মগনিয়াৰ জনক সম্বোধি তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে। তাকে শুনি শেতা পৰা ওঁঠ দুটাৰে মগনিয়াৰ জনে বিস্মিত হৈ এটা শেতা হাঁহি মাৰিলে। তাৰ পাছত কবিৰ হাত দুখনত দুৰ্বলভাৱে ধৰি অতি কষ্টেৰে মাত লগাই কৈছিল— “একো কথা নাই, ইয়াৰ বাবে অশেষ ধন্যবাদ। ইও যে এটা দান।”


অন্যান্য গদ্য সমূহৰ প্ৰশ্নোত্তৰ পাবলৈ {getButton} $text={Click} $icon={link} $color={Blue Colour} 

নিঃস্ব মগনিয়াৰ জনে কবিৰ মানৱীয় গুণৰ বাবেই কবিক ধন্যবাদ দিয়াত কবিয়ে মগনিয়াৰ জনৰ পৰা এটা অমূল্য পাঠ সংগ্ৰহ কৰিলে। অৰ্থতকৈও যে অন্তৰৰ মানৱীয় অনুভূতিৰ মূল্য বেছি। সেই কথাটো কৰিয়ে মগনিয়াৰ জনৰ পৰা উপলব্ধি কৰিব পাৰিলে। আন্তৰিকতাই যে নিঃস্বজনৰ মনতো আশাৰ সঞ্চাৰ কৰিব পাৰে তাকেই উক্ত কথা-কবিতাটিৰ জৰিয়তে ক'বলৈ বিচৰা হৈছে।


৫) ‘মগনিয়াৰ' পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ নিজৰ ভাষাত লিখা ।

উত্তৰ : ‘মগনিয়াৰ’ পাঠটি যতীন্দ্ৰ নাথ দুৱাদেৱৰ 'কথা-কবিতা' নামৰ পুথিখনৰ পৰা লোৱা হৈছে।

        এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড়-ছাল ওলোৱা এজন বুঢ়া-বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ'লহি । মগনিয়াৰ জনৰ শেতা পৰা ওঁঠ, ৰঙা চকু আৰু ফটা-চিটা কাপোৰৰ দৰিদ্ৰ ৰূপটো দেখি কবিৰ মন ব্যথাৰে ভৰি পৰিল। সেই মুহুৰ্ততে মগনিয়াৰ জনে কবিৰ কাষলৈ আহি ভিক্ষা খোজাত কবি দোধোৰ-মোধোৰ অৱস্থাত পৰিছিল। কবিয়ে চোলাৰ মোনাত হাত ফুৰাই চালে, কিন্তু একো নাপালে। আনকি এখন ৰুমালো কবিয়ে বিচাৰি নাপালে। কবিয়ে নিঃস্ব মগনিয়াৰ জনক একো দিবলৈ নাপাই অপৰাধবোধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নোৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমর্থতা প্ৰকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে 'ককাই' বুলি মগনিয়াৰ জনক সম্বোধি তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে। তাকে শুনি শেতা পৰা ওঁঠ দুটাৰে মগনিয়াৰ জনে বিস্মিত হৈ এটা শেতা হাঁহি মাৰিলে। তাৰ পাছত কবিৰ হাত দুখনত দুৰ্বলভাৱে ধৰি অতি কষ্টেৰে মাত লগাই কৈছিল— “একো কথা নাই, ইয়াৰ বাবে অশেষ ধন্যবাদ। ইও যে এটা দান।”


নিঃস্ব মগনিয়াৰ জনে কবিৰ মানৱীয় গুণৰ বাবেই কবিক ধন্যবাদ দিয়াত কবিয়ে মগনিয়াৰ জনৰ পৰা এটা অমূল্য পাঠ সংগ্ৰহ কৰিলে। অৰ্থতকৈও যে অন্তৰৰ মানৱীয় অনুভূতিৰ মূল্য বেছি। সেই কথাটো কৰিয়ে মগনিয়াৰ জনৰ পৰা উপলব্ধি কৰিব পাৰিলে। আন্তৰিকতাই যে নিঃস্বজনৰ মনতো আশাৰ সঞ্চাৰ কৰিব পাৰে তাকেই উক্ত কথা-কবিতাটিৰ জৰিয়তে ক'বলৈ বিচৰা হৈছে।







Previous Post Next Post

Ads

Photo Ads