প্ৰহ্লাদ চৰিত্ৰ | HS 1st year Advance Assamese Chapter 1 Questions Answer

{fullWidth}

 প্ৰহ্লাদ চৰিত্ৰ 

Class 11 Advance Assamese|| Questions Answer || Higher Secondary|| Arts Stream 





 {tocify} $title={প্ৰশ্নসমূহ চাওক}


১। কবিতাংশত হৰিৰ প্ৰতি প্ৰহ্লাদে কেনেদৰে ভক্তি প্ৰকাশ কৰিছে লিখা


উত্তৰঃ 'প্ৰহ্লাদ চৰিত্ৰ' নামৰ আমাৰ পাঠ্যপুঠিত সান্নিবিষ্ট কবিতাংশটি হেম সৰস্বতীৰ 'প্ৰহ্লাদ চৰিত্ৰ' নামৰ পুথিখনৰ পৰা লোৱা হৈছে। প্ৰহ্লাদক হৰিৰ নিন্দা কৰিবলৈ বা মাধৱদেৱক গাৰ্ পাৰিবলৈ কোৱা হৈছিল। সেই কথাত আপত্তি জনাই প্ৰহ্লাদে হৰিক স্মৰণ কৰিছে আৰু কৈছে যে মাধৱেই তেওঁৰ প্ৰাণ আৰু একমাত্ৰ বন্ধু গতিকে তেওঁ কেতিয়াও তেওঁক গালি দিব নোৱাৰে।


    প্ৰহ্লাদে কৈছে এই পৃথিৱীত যত গছ,নদী, পাহাৰ-পৰ্বত আছে ততে হৰি আছে। তিনিও জগতত তেওঁ আছে। এনেদৰে তেওঁ হৰিৰ প্ৰতি থকা ভক্তি প্ৰকাশ কৰিছে।


    প্ৰহ্লাদৰ কথা শুনি বাপেক হিৰণ্যকশিপুৱে পুনৰাই গৰজি উঠিছে যে যদি সকলোতে ঈশ্বৰ আছে সকলো সমান হব লাগিছিল। প্ৰহ্লাদে উত্তৰ দিছে যে নিৰ্মল দৃষ্টি থাকিলেহে হৰিৰ দৰ্শন হব। ঈশ্বৰ সকলোতে থকা সত্ত্বেও সকলো সমান নহয় সেইবাবে তেওঁ নিজৰ কৰ্মৰ অনুসৰি ফল ভোগে।


    সামান্য আলাপৰ মাজতেই প্ৰহ্লাদৰ কথা আৰু কাৰ্যত হৰিৰ প্ৰতি থকা ভক্তি, অটল বিশ্বাসৰ কথা প্ৰকাশ পাইছে। হৰিক তেওঁ সকলো বস্তুৰে মাজতে প্ৰত্যক্ষ কৰিছে। তিনিও জগতৰ সকলো সম্পদৰ মাজত তেওঁ হৰিক প্ৰত্যক্ষ কৰিব পাৰিছে মানেই বুজিব পাৰি যে প্ৰহ্লাদৰ হৰি ভক্তিৰ নমুনা কিমান গভীৰ। 


২। হিৰণ্যকশিপু কেনেদৰে নিধন হ'ল লিখা


উত্তৰঃ প্ৰহ্লাদে হৰিক সকলোতে দেখিবলৈ পোৱা বুলি কোৱাত হিৰণ্যকশিপুৱে খঙত সমুখত থকা স্ফটিকো প্ৰহাৰ কৰিবলৈ ধৰিলে ফলত স্তম্ভটো ফাটি তাৰ পৰা ওলাই আহিল নৰসিংহৰূপী নাৰায়ন। নৰসিংহই গৰ্জন কৰি হিৰণ্যকশিপুৰ ফালে চোচা ললে আৰু হিৰণ্যকশিপুৱেও নাৰায়নক গপা মাৰি ধৰিলে। তেওঁলোকৰ বিকট চিয়ৰত স্বৰ্গ মৰ্ত- পাতালত ত্ৰাসৰ সৃষ্টি হল। জল, স্থল, পাহাৰ, পৰ্বত সকলো মোহাৰি মুচৰি একাকাৰ কৰিবলৈ ধৰিলে। মাজতে হিৰণ্যই ছেগ চাই নৰসিংহক ওপৰলৈ দলিয়াই দিলে। ওপৰৰ পৰা মাটিত পৰি নৰসিংহ অচেতন হৈ পৰিল।


    নৰসিংহ এনে অৱস্থা দেখি অসুৰ সকলে জয়ধ্বনি দিছিল। ইতিমধ্যে নৰসিংহই চেতনা লাভ কৰিছে আৰু এক জাপ মাৰি হিৰণ্যকশিপুক জব্দ কৰি ধৰিলে। ইতিমধ্যে দিন পাৰ হৈ ৰাতি হল হিৰণ্যকশিপুৰ মৃত্যু সম্পৰ্কত থকা সকলো বাধাঁ আতৰি গল। কাৰণ হিৰণ্যকশিপুৱে বৰ লাভ কৰিছিল যে - দিনত কিম্বা ৰাতি, পৃথিৱীত কিম্বা আকাশত, অস্ত্ৰে কিম্বা শস্ত্ৰে, ভিতৰত কিম্বা চোতালত, জলত কিম্বা স্থলত তেওঁক কোনেওঁ বধ কৰিব নোৱাৰে। সেই হিচাপে সেইখিনি সময়ত দিনো নহয় ৰাতিও নহয় কালসন্ধ্যাৰ সুযোগ লৈ নৰসিংহই হিৰণ্যকশিপুক চুচৰাই নি পানী পোতাৰ চোতালতো নহয় এনে এক অৱস্থাত নৰসিংহই হিৰণ্যকশিপুক জল স্থল একোৱেই স্পৰ্শ কৰিব নোৱাৰাকৈ পৃথিৱীত বা আকাশত নাৰাখি নিজৰ উৰৰ ওপৰত উঠাই লৈ  কোনোধৰণৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ নকৰাকৈ নখেৰে চিৰি পেলালে । এনেকৈ নৰসিংহৰূপী নাৰায়ণে হিৰণ্যকশিপুক বধ কৰিলে।


Related Chapter:  


৩। প্ৰসঙ্গ-সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা


    (ক) মাধৱেসে পিতা মাতা মাধৱেসে প্ৰাণ।
            মাধৱত পৰে কোন বন্ধু আছে আন।।


উত্তৰঃ উক্ত কবিতাফাঁকি হেম সৰস্বতী ৰচিত 'প্ৰহ্লাদ চৰিত্ৰ'ৰ পৰা লোৱা হৈছে।


    প্ৰহ্লাদ আছিল ভগৱান শ্ৰীকৃষ্ণৰ পৰম ভক্ত। দৈত্যকুলত জন্ম হৈ হৰিৰ ভক্ত হৈ পৰাৰ বাবে হিৰণ্যকশিপু অতি চিন্তিত হৈ পৰিছিল। প্ৰহ্লাদৰ মুখৰ পৰা হৰিনাম আতৰাবলৈ তেওঁ প্ৰহ্লাদক বহু শাস্তি দিছিল। ভগৱানক এনে নিন্দাবানী উচ্চাৰণ কৰিবলৈ দিয়াত প্ৰহ্লাদৰ মুখৰ পৰা এনে দুখাৰী বৰ্ণনা কৰা হৈছে।


    হৰিক এনে গালি পাৰিবলৈ কোৱাত প্ৰহ্লাদে কৈছিলে হৰিয়েই তেওঁৰ পিতৃ-মাতৃ সকলো আৰু হৰিয়েই তেওঁৰ প্ৰাণ। মাধৱৰ বাদে জগতত আন কোন বন্ধু আছে? জল, স্থল, গিৰি বন, জীৱ-জন্তু সকলোতে নাৰায়ন বিদ্যাবান। এই ত্ৰিভূৱনত প্ৰতেটো বস্তুৰ মাজতে তেওঁ তেনে ভগবন্তৰ প্ৰতি নিন্দাবাণী উচচাৰণ কৰিব কেনেকৈ।


    (খ) লৱঙ্গ মালতি সুগন্ধিত পুষ্প যুত।
            হৰিৰ শিৰত বৃষ্টি কৰে অসংখ্যাত।।


উত্তৰঃ উক্ত কবিতাফাঁকি হেম সৰস্বতী ৰচিত 'প্ৰহ্লাদ চৰিত্ৰ'ৰ পৰা লোৱা হৈছে।


    দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ আছিল হৰিৰ ভক্ত। দৈত্যৰাজে তেওঁক নানা যাতনা দিও হৰিৰ বিৰোধী কৰিব নোৱাৰিলে। তাৰ বিপৰীতে প্ৰহ্লাদে কলে যে যিজন হৰিক ত্ৰিভূৱনৰ প্ৰতিটো বস্তুতে প্ৰত্যক্ষ কৰিব পাৰি, যিজন জগতৰ একমাত্ৰ বন্ধু আৰু পিতা মাতা সেইজনক তেওঁ কোনোপধ্যে নিন্দা কৰিব নোৱাৰে। হিৰণ্যকশিপু গৰজি উঠিল যে তেওঁ সেই হৰিক কিয় নেদেশে। প্ৰহ্লাদে কলে যে- দৃষ্টি নিৰ্মল হলেহে হৰিক প্ৰত্যক্ষ কৰিব পাৰি। প্ৰহ্লাদে কলে যে- তুমি এই স্ফটিকৰ স্তম্ভটো হৰিক প্ৰত্যক্ষ কৰিব পাৰিবা।


     হিৰণ্যকশিপুৱে খঙত সমুখত থকা স্ফটিকো প্ৰহাৰ কৰিবলৈ ধৰিলে ফলত স্তম্ভটো ফাটি তাৰ পৰা ওলাই আহিল নৰসিংহৰূপী নাৰায়ন। নৰসিংহই গৰ্জন কৰি হিৰণ্যকশিপুৰ ফালে চোচা ললে আৰু হিৰণ্যকশিপুৱেও নাৰায়নক গপা মাৰি ধৰিলে। তেওঁলোকৰ বিকট চিয়ৰত স্বৰ্গ মৰ্ত- পাতালত ত্ৰাসৰ সৃষ্টি হল। জল, স্থল, পাহাৰ, পৰ্বত সকলো মোহাৰি মুচৰি একাকাৰ কৰিবলৈ ধৰিলে। মাজতে হিৰণ্যই ছেগ চাই নৰসিংহক ওপৰলৈ দলিয়াই দিলে। ওপৰৰ পৰা মাটিত পৰি নৰসিংহ অচেতন হৈ পৰিল। নৰসিংহ এনে অৱস্থা দেখি অসুৰসকলে জয়ধ্বনি দিছিল। ইতিমধ্যে নৰসিংহই চেতনা লাভ কৰিছে আৰু এক জাপ মাৰি হিৰণ্যকশিপুক জব্দ কৰি ধৰিলে। ইতিমধ্যে দিন পাৰ হৈ ৰাতি হল হিৰণ্যকশিপুৰ মৃত্যু সম্পৰ্কত থকা সকলো বাধাঁ আতৰি গল। কাৰণ হিৰণ্যকশিপুৱে বৰ লাভ কৰিছিল যে - দিনত কিম্বা ৰাতি, পৃথিৱীত কিম্বা আকাশত, অস্ত্ৰে কিম্বা শস্ত্ৰে, ভিতৰত কিম্বা চোতালত, জলত কিম্বা স্থলত তেওঁক কোনেওঁ বধ কৰিব নোৱাৰে। সেই হিচাপে সেইখিনি সময়ত দিনো নহয় ৰাতিও নহয় কালসন্ধ্যাৰ সুযোগ লৈ নৰসিংহই হিৰণ্যকশিপুক চুচৰাই নি পানী পোতাৰ চোতালতো নহয় এনে এক অৱস্থাত নৰসিংহই হিৰণ্যকশিপুক জল স্থল একোৱেই স্পৰ্শ কৰিব নোৱাৰাকৈ পৃথিৱীত বা আকাশত নাৰাশি নিজৰ উৰৰ ওপৰত উঠাই ললে। এইবাৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ নকৰাকৈ নখেৰে চিৰি পেলালে এনেকৈ নৰসিংহৰূপী নাৰায়ণে হিৰণ্যকশিপুক বধ কৰিলে।






ADMIN HUMBLE REQUEST

Post a Comment

Previous Post Next Post

Ads

Photo Ads