হস্তিবিদ্যাৰ্ণৱ পুথি - দ্বাদশ মান Class 12 Assamese Questions Answer

 {fullWidth}

AHSEC/NCERT.PNG


ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১)


১) 'হস্তিবিদ্যাৰ্ণৰ পুথি' শীর্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? 

উত্তৰ : 'হস্তিবিদ্যাৰ্ণৱ পুথি' শীৰ্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত 'সূৰ্যকুমাৰ ভূঞাৰ ববিধ প্রবন্ধ' নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।


২) হস্তিবিদ্যাৰ্ণৰ পুথি' শীর্ষক প্রবন্ধটি প্রথমতে ক'ত প্ৰকাশ পাইছিল ?

উত্তৰ : 'হস্তিবিদ্যাৰ্ণৱ পুথি' শীর্ষক প্রবন্ধটি প্রথমে প্রকাশ পাইছিল শুক্লেশ্বৰ বৰা সম্পাদিত 'জয়ন্তী' নামৰ আলোচনীত ১৯৫৩ চনত।


৩) কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি ? 2018

উত্তৰ: সূর্যকুমাৰ ভূঞা।


৪) সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।

উত্তৰ : সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্রন্থ খনৰ নাম- Anglo Assamese Relations-1771 1826.


৫) 'হস্তিবিদ্যাৰ্ণৰ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? 

উত্তৰ : সুকুমাৰ বৰকাৰ্থে ৰচনা কৰিছিল।


(খ) চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩)


১) 'হস্তি-বিদ্যাৰ্ণৰ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল ?

উত্তৰ : 'হত্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে।


২) পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা।

উত্তৰঃ পুৰণি অসমীয়া সচিত্র পুথি দুখন হ'ল— 'হস্তি-বিদ্যাৰ্গৱ সাৰ সংগ্ৰহ আৰু ঘোঁৰা নিদান'।


৩) হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকণ কৰিছিল?

উত্তৰ : হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ আঁকে দুজন চিত্ৰকৰে। তেওঁলোক হ'ল দিলবৰ আৰু দোষায়ে।



৪) হস্তিবিদ্যাৰ্ণৰ পুথিখনত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?

উত্তৰ : 'হক্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখনত গ্ৰন্থকাৰ, চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে।


৫) হস্তিগ্রন্থ বুলিলে কি বুজা ? 

উত্তৰ : যিবোৰ গ্ৰন্থত হাতী সম্পৰ্কীয় অনেক কথাৰ সম্ভেদ পোৱা যায়, যেনে— হাতীৰ লক্ষণ, হাতীৰ পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বন্য হোৱাৰ মন্ত্ৰ, হাতীৰ শুভ কাম, ইত্যাদি। এনেবোৰ গ্ৰন্থকে বুজোৱা হয় হস্তীগ্রন্থ বুলি।




(গ) দীঘল প্রশ্ন : (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)


১) ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা।

উত্তৰ : মধ্যযুগত অসমীয়া ভাষাত আহোম ৰজা সকলৰ পৃষ্ঠপোষকতা বিভিন্ন বিষয় ব্যৱহাৰিক জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞানৰ পুথিও ৰচিত হৈছিল। সাহিত্যিক গুণসমৃদ্ধ নহলেও এনেবোৰ পুথিয়ে ব্যৱহাৰিক জ্ঞান বৃদ্ধিত প্রভূত পৰিমাণে সহায়তা কৰিছিল। হাতী, ঘোঁৰা আদি জীৱ-জন্তুৰ স্বাস্থ্য আৰু চিকিৎসা সম্পৰ্কীয় কেবাখনো হাতে লিখা সচিত্র পুথি লিখা হৈছিল।

এনেবোৰ পুথি ৰচনাত অগ্রণী ভূমিকা গ্ৰহণ কৰা লেখকজন হৈছে সুকুমাৰ বৰকাহ। মহাৰাজ শিৱসিংহ আৰু ৰাণী অম্বিকাদেৱীৰ নিৰ্দেশ ক্রমে তেওঁ ৰচনা কৰে 'হস্তীবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন। তেওঁৰ দ্বাৰাই ৰচিত অন্য এখন গ্ৰন্থ হৈছে 'ঘোঁৰা নিদান'।


২) ড° সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা । 

উত্তৰ : পণ্ডিত প্ৰৱৰ ড° সূর্যকুমাৰ ভূঞা আছিল একাধাৰে আগশাৰীৰ কবি, জীৱনীকাৰ, প্ৰৱন্ধকাৰ, গৱেষক আৰু বুৰঞ্জী বিশাৰদ। এই গৰাকী অসমীয়া পণ্ডিতৰ অধ্যাৱসায় আৰু অনুসন্ধিৎসাৰ তুলনা পাবলৈ টান।


১৮৯২ চনৰ ২৭ জানুৱাৰীত নগাওঁ জিলাৰ কলংপাৰৰ ফৌজদাৰী পট্টিত ৰবিলাল ভূঞা আৰু ভুবনেশ্বৰী ভূঞাৰ প্ৰথম সন্তান সূর্যকুমাৰ ভূঞাৰ জন্ম হৈছিল।


প্রখ্যাত বুৰঞ্জীবিদ, প্রত্নতাত্ত্বিক, গৱেষক আৰু অসমৰ গৌৰৱপূৰ্ণ ঐতিহ্যৰ আলোক সম্পাতকাৰী ভূঞাদেৱৰ সাহিত্যিক অৰিহণাৰ কথা অসমীয়া সাহিত্য জগতত সর্বজন বিদিত। ভূঞা দেৱে ছিলঙৰ হাইস্কুলত পঢ়া সময়তে কবিতাৰ জৰিয়তে সাহিত্যিকৰূপে আত্ম প্রকাশ কৰে। কুৰি শতিকাৰ পঞ্চম দশকলৈ তেওঁ যিমানখিনি সাহিত্য ৰচনা কৰিছিল সেই সাহিত্যৰাজিক এনেদৰে ভাগ কৰিব পাৰি— বুৰঞ্জীমূলক, জীৱনীসাহিত্য, কবিতা, গল্প, সমালোচনা সাহিত্য ইত্যাদি।


সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথি হ'ল— 'নির্মালি। একমাত্র চুটিগল্প — পঞ্চমী। উল্লেখযোগ্য প্রৱন্থ সংকলন— 'ত্রিপদী' আৰু সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ। তেওঁৰ অন্য উল্লেখযোগ্য গ্রন্থসমূহ হ'ল—


জীৱনী গ্রন্থ : 'গোপাল কৃষ্ণ গোখলে', আনন্দৰাম বৰুৱা, অসম জীয়ৰী, জোনাকী আৰু | চানেকী। ঐতিহাসিক তথ্যপূৰ্ণ পুথি: কোঁৱৰ বিদ্ৰোহ' বুৰঞ্জীৰ বানী, ৰমনী গাভৰু, মীৰজুমলাৰ অসম আক্ৰমণ আৰু লাচিত বৰফুকন।


 ইংৰাজীত ৰচিত উল্লেখযোগ্য গ্রন্থবোৰ হ'ল — An Assamese Nurjahan, Early British Relations with Assam, Lachit Borphukan and His Timer, Aton Buragohain & His times Men I have Met, London Memories.


 তেওঁৰ গৱেষণা গ্রন্থ Anglo- Assamese Relations 1771-1826। সূর্যকুমাৰ ভূঞাদেৱে ভাৰত আৰু ভাৰতৰ বাহিৰত বিভিন্ন কাকতত প্ৰকাশিত তথ্য সমৃদ্ধ প্ৰৱন্ধৰাজিয়েও প্রতিভা আৰু পাণ্ডিত্যৰ স্বাক্ষৰ বহন কৰি আছে। সেই যুগত সাত সাগৰ তেৰনদী পাৰ হৈ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট উপাধি লাভ কৰা এইজনা জগত বৰেণ্য পুৰুষে অসমীয়া ভাষা আৰু জাতিৰ যি উপহাৰ কৰি গ'ল তাক অসমীয়া জাতিয়ে সদায় শ্ৰদ্ধা সহকাৰে সোঁৱৰণ কৰি ভূঞা দেৱৰ ব্যক্তিত্ব, পাণ্ডিত্য আৰু সাহিত্যিক অৱদান নতুন প্ৰজন্মৰ বাবে সদায় পাথেয়।




Previous Post Next Post

Ads

Photo Ads